bhaskarjyoti

November 28, 2007 - DainikJagaran_Bhopal

Comments (0) :: Post A Comment! :: Permanent Link

November 28, 2007 - কেইটামান প্ৰসেনজিত্ আৰু তিনিশ কোটি অসমীয়ΓΉ

 

অসমৰ সাম্প্ৰতিক পৰিস্থিতিয়ে অসম আৰু অসমীয়াক বিশ্ববাসীৰ ওচৰত কিদৰে লজ্জানত কৰি তুলিছে, তাৰ আভাস যদি আপুনি ল'ব বিচাৰিছে৷ তেন্তে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰিকাকত আৰু টিভি চেনেলসমূহ এবাৰ চাওক. কেইজনমান নিকৃষ্টমানৰ অসমীয়া যুবকে (দুশাসন) এগৰাকী অবলা নাৰীৰ ওপৰত কৰা জঘন্য যৌন নিৰ্যাতন আৰু ধৃতৰাষ্ট্ৰৰূপী সোঁ-বাওঁৱে থাকি সমৰ্থন জনোৱাৰ লগতে মহিলাগৰাকীৰ অসহায় ৰূপটোৰে নিজৰ বিকৃত মানসিকতাক তৃপ্ত কৰা মানুহৰূপী জন্তুসোপাৰ কাৰণে আমি আজি নিজকে অসমীয়া বুলিবলৈ লাজ আৰু ভয় কৰিব লগা হৈছে৷ এটা নিৰ্দিষ্ট অঞ্চলৰ কেইজনমান মুষ্টিমেয় যুবকৰ কাৰণে ঐক্য আৰু বৈচিত্ৰৰ মাজেৰে গঠিত প্ৰায় তিনিশ কোটি অসমীয়া জনতাই আজি বিশ্ববাসীৰ আগত নিজৰ পৰিচয় লুকুৱাব লগাৰ পৰিস্থিতি উদ্ভব হৈছে৷ এইক্ষেত্ৰত প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ যি ভুমিকা, সি সকলোতকৈ নিন্দাৰ যোগ্য৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুয়োবিধ মিডিয়াই যি ধৰণৰ বাতৰি পৰিবেশন কৰিছে, সি অসমীয়া কাৰণে যে ভৱিষ্যতে ভয়ংকৰ পৰিস্থিতি সৃষ্টি নকৰিব, তাক নুই কৰিব নোৱাৰি৷ বাতৰি পৰিবেশনেৰে চাঞ্চ্যলতাৰ সৃষ্টিৰ যি মনোবৃত্তি গঢ়লৈ উঠিছে আৰু সেই মনোবৃত্তিয়ে এটা জাতি বা এখন সমাজক, কেনে পৰিস্থিতিৰ মাজলৈ লৈ যাব পাৰে৷ তাৰ আভাস এই ঘটনাটোৰ মাজেৰে ভালদৰেই বুজি উঠিব পাৰি৷

 

প্ৰত্যেক জাতি বা প্ৰত্যেক সমাজতে একোটা নিম্ন মানসিকতাৰ শ্ৰেণী থাকে৷ এপাচি আপেলত এটা গেলা আপেলেই যেনেদৰে যথেষ্ট, ঠিক একেদৰে এই শ্ৰেণীটোৰ ক্ৰিয়াকলাপ, সমগ্ৰ জাতিটোক অবনমিত কৰিব বাবে যথেষ্ট৷ গুৱাহাটীত সদ্য সংঘটিত ঘটনাটোৱে যদিও অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক আৰু নিন্দাজনক, তথাপিতো ইয়াৰ মাজতো বহুতো ইতিবাচক ঘ্টনা জড়িত হৈ আছিল৷ যিবিলাকে প্ৰচাৰ মাধ্যমত ঠাই নাপালে৷ সংঘৰ্ষৰ প্ৰকৃত কাৰণ কি, কিয় সংঘৰ্ষ সৃষ্টি হ'বলৈ পালে, সংঘৰ্ষত জৰ্জৰিত লোকসকল কাৰণে কেনেধৰণ পদক্ষেপ গ্ৰ্হণ কৰা হৈছে৷ এই প্ৰয়োজনীয় বিষয়সমূহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচাৰ

মাধ্যমে গুৰুত্ব নিদিলে৷ কেইজনমান স্থানীয়লোকে কৰা হিংসাত্মক কাৰ্য্যকলাপৰ বিপৰীতে সৰহসংখ্যক স্থানীয় লোকে সংঘৰ্ষত জৰ্জৰিত লোকসকলক কিদৰে সেৱা-শুশ্ৰূষা কৰি জীৱন ৰক্ষা কৰিছিল, তাক কোনেও প্ৰচাৰ নকৰিলে৷ নিম্নতম বস্ত্ৰৰ অবিহনে ৰাজপথেৰে প্ৰাণৰ মমতাত দৌৰি যোৱা যুবতীগৰাকীক নিজৰ জীবনক তুচ্ছ কৰি গাৰ চোলাটো খুলি পিন্ধাই দিয়া যুবকজনৰ, সেই সাহসিকতাক, তেওঁৰ মহানতাক কোনেও গুৰুত্ব নিদিলে৷ যি নিম্ন মানসিকতাৰ মানুহৰূপী জীৱবোৰৰ মানসিকতাক এঢাপ আগবঢ়াই নিয়াত হয়তো সহায় কৰিলেহেঁতেন৷

 

হেৰো, প্ৰসেনজিত্ আৰু তোক সমৰ্থন জনোৱা পিশাচসোপা, তঁহতৰ কাৰণে আমি অসমীয়াসোপাই কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে৷ তাৰ অনুমান যদি অনুভৱ কৰা নাই, তেন্তে এবাৰ অসমৰ বাহিৰলৈ উলাই আহ৷ ধৰি লৈছো, প্ৰত্যেক ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে৷ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে মানুহ মাৰিব নালাগে, মহিলাক ৰাজপথত নগ্ন কৰি উল্লাসিত হ'ব নালাগে৷ এগৰাকী যুবতীক নগ্ন কৰি, তঁহতৰ জঘন্য মানসিকতাক তৃপ্ত কৰি, আজি জাতিটোক বিশ্ববাসীৰ আগত নগ্ন কৰিলি তঁহতে৷

Comments (0) :: Post A Comment! :: Permanent Link

September 25, 2007 - মোৰ সপোনৰ চিনেমাখন.

চিনেমা এখন বনাব লাগিব. অসমীয়া জাতিৰ ওপৰত কেন্দ্ৰ কৰি. চক ডে ইণ্ডিয়াৰ দৰে৷ তাৰ বাবে এখন সুন্দৰ স্ক্ৰিপ্ট লিখিব লাগিব. তাকে অলপ পঢ়িব লাগিব৷ কেনেদৰে লিখে তাৰ ওপৰত. গ'গ'লত বিচাৰিব লাগিব. চিনেমা এখন বনামেই. একদম ঝাকাচ. অসমীয়া মানুহ চক খাই চকু কাণ মেলি দিয়াকৈ. জয় আই অসম, অসমী, অসম আমাৰ ৰপহী দেশ, মই অসমীয়া আদি নামৰ টাইপৰ চিনেমা নহয়. বিনদাচ বলেটো অসমীয়া মখাৰ চকু খুলি দিয়াকৈ. নাম কি দিম, নামটো শুনিয়ে মানুহ ইন্সপায়াৰ হ'ব লাগিব, হ'ললৈ একেজন দৰ্শকেই চিনেমাখন এবাৰ, দুবাৰ, তিনিবাৰ..... বাৰম্বাৰ চোৱাকৈ বনাব লাগিব. গাঁও গাঁওৰ পৰা বাছ গাড়ীলৈ হিলদল ভাঙি হ'ললৈ আগমণ ঘটিব লাগিব. বনাব লাগিব. এনেদৰে বনাব লাগিব যে মানুহে হ'লত চিনেমাখন চাই, তাৰপিছত মগু-চানা খাই পাহৰি যোৱাকৈ বনালে নহ'ব. চিনেমা চাই, এনেদৰে আপ্লুট হ'ব লাগিব যে কেৱল তেওঁলোকৰ মুখত চিনেমাৰ বিষয়বস্তুৰ কথাহে. খাওঁতে, শুতে, হাগুতে, মুটুতে কেবল মাত্ৰ চিনেমাখনৰ কথা. বনাব লাগিব. মানে লাগিব নহয়, মানে বনামেই. আজি নহয়, কাইলৈ নহয়, এক বছৰ নহয়, দুই বছৰ নহয় আৰু লাগিলে দহ বিছ বছৰ পাছত হ'লেও বনামেই. স্ক্ৰিপ্টটো মই নিজেই লিখিম. তাৰবাবে অলপ পঢ়া-শুনা কৰিব লাগিব. মোৰ ভাষাৰ ষ্টেণ্ডাৰ্ড বৰ সঠিক নহয়. মোৰ জ্ঞানৰ পৰিধিও বৰ সীমিত, গতিকে ভাবি-চিন্তি সঠিক ভাষা আৰু আবেদনৰ মাজেৰে তাক প্ৰকৃত ৰূপ দিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰিবই লাগিব. মূল কথা চলচিত্ৰৰ বিষয়বস্তু. তোমাৰ, চিনেমাখনৰ থিমটো কি হ'ব নিৰ্দিষ্ট কৰিব লাগিব, তাৰপিছত থিমটোক বিস্তাৰ ঘটাই কাহিনীলৈ ৰূপান্তৰ ঘটাব লাগিব. কাহিনীটোক তাৰপিছত কম্প'জ কৰিব লাগিব. মানে তাক

সঠিক ৰূপ প্ৰদান কৰিব লাগিব. গান, মানে সংগীত. চিনেমা এখনৰ প্ৰাণ. সংগীতটোক বাৰু পাচলৈ ৰাখিলো. সেইটো কাম সংগীত্জ্ঞই কৰিব. সংগীতত মই হাত নিদিয়াই ভাল. অৱশ্যে এটামান গান লিখিব পাৰি. পৰিচালক মই নিজে. প্ৰযোজক, মানে মালটো (গান্ধীমাৰ্কা টকা)  ক'ৰ পৰা আহিব. আহিব মানে নিজেই যেনে তেনে মেনেজ কৰিব লাগিব. মোৰ চিনেমা খনৰ আন এটা পইণ্ট হ'ব যে তাত সংগীত ৰূপে থাকিব কিছুমান ভগা ভগা কবিতাৰ টুকুৰা. আৰু চিনেমাখন আৰম্ভ হ'ব ফ্লেছ বেকৰ মাজেৰে, এটা সাংঘাটিক কবিতাৰ কিছুমান ভগা ভগা টুকুৰাই দৰ্শকক কিছুমান অনুভূতি দিব. যিটো হ'ব চিনেমাখনৰ এটা প্ৰকাণ্ড প্লাছ পইণ্ট. কবিতা আবৃত্তি কৰিব তপন দাসে আৰু তেঁওৰ পৰিবাৰে. সাংঘাটিক কণ্ঠ. কবিতা লিখিব সৌৰভ দাই. দাদা বুলিয়ে সম্বোধন কৰিছোঁ. যদিও তেঁও মোক চিনি নাপায়

বা আমাৰ মাজত কোনো সম্পৰ্ক নাই. ভাল পাওঁ. যেনেদৰে ভূপেন হাজৰিকাক ডাঙৰ সৰু সকলোৱে ভূপেন দা বুলি মাতে, জুবিনক জুবিন দা বুলি মাতে, ঠিক তেনেদৰেই. দুটা কবিতা থাকিব এটা ৰোমান্তিক আনটো ছেদ. ফ্লেচবেক শ্ব'টবোৰ ব্লেক এণ্ড হোৱাইটত যাব. গাওঁ আৰু চহৰৰ অনুভূতি. তাত সাংঘাটিক পনীয়া প্ৰেমৰ পিয়লাও নাথাকিব বা দুখৰ এটা ফুটা চৰীয়াও নাথাকিব. কিন্তু তাত থাকিব ইম'চন. মানে আবেগ. নিজক লৈ নহয়. নিজৰ জাতীক লৈ, দেশক লৈ. ইয়াত চিঙ্গল বা ডুৱেল পাৰচেপচনে স্থান নাপায়, পাব মাল্টিপলে. চিনেমাখনৰ দ্বাৰা দৰ্শকক অন্ধ কৰি তুলিব লাগিব. এখন আৱৰণেৰে ঢাকি দিব লাগিব. চিনেমা অনুভূতিবোৰ দৰ্শকৰ কলিজা ফুটা কৰি

সোমাই যাব লাগিব. আৰু স্থায়ীভাৱে অৱস্থান কৰিব লাগিব. লাগিব নহয়, ইত তো বি মাচ্ট. চিনেমাখনে ইউনিভাৰচেল চাকচেচ পাব লাগিব. মই কৈছোঁ নহয়, ই দৰ্শকৰ কলিজাত হল কৰি সুমাই যাব লাগিব. চিনেমাখন দেখুৱা হ'ব দুটা প্ৰজন্মৰ মাজেৰে. আগৰ চিনেমা কাহিনীক আলম কৰি নহয়. সম্পূৰ্ণ নতুন চিন্তা চৰ্চা, বিষয়বস্তু মানে অসমীয়া চিনেমালৈ লগতে তাৰ প্ৰক্ৰিয়া হিচাপে অসমীয়া সমাজত কৰা পৰিবৰ্তনেৰে ই এখন হ'ব লাগিব পূৰ্ণ সফল চলচিত্ৰ. বহুতো বিশিষ্ট চিনেমা পৰিচালকে কৈছে যে তেওঁলোকে কেৱল মাত্ৰ নিজৰ কাৰণে, নিজৰ অনুভূতি প্ৰকাশৰ কাৰণেহে চিনেমা বনায়. দৰ্শেকে তাৰপৰা কিবা গ্ৰহণ কৰক বুলি নহয়, কিন্তু মই মোৰ অনুভূতিবোৰ

লোকক দিবৰ কাৰণে বনাম. মানুহবোৰক পুচ কৰিব লাগিব. কেৱল মানুহ হৈ জীয়াই থাকিবৰ বাবে নহয় অসমীয়া মানুহ হৈ জীয়াই থাকিবৰ বাবে. অসমীয়াৰ প্ৰতি থকা কৌটিকলীয়া ধাৰণা (খাৰ খোৱা অসমীয়া, এলাইবাদু অসমীয়া) বোৰ ধংস কৰি দিব লাগিব আৰু তাৰ বাবেই মই এখন চিনেমা বনাম. আই প্ৰাউদ টু বি এন আসামীজ. ডিছ ইজ দি ফিউচাৰ ডাইলগ অফ এভৰি আচামীজ ইউথ. টেক

কেয়াৰ. নাউ আই এম অন ডি ফিল্ড.  

Comments (1) :: Post A Comment! :: Permanent Link

September 18, 2007 - এলাগী কবিৰ গান

আজি অফিছত তেনে কোনো কাম নাই ৷ ভাবিলো, ব্ল'গ এটাকে খোলো, খুলিলো ৷ এতিয়া লিখো কি ৷ মোৰ মগজৰ ঘিউবোৰ টো জুইত দিলে জ্বলি যোৱা বিধৰ নহয় ৷ জুই নুমোৱা বিধৰহে ৷ তথাপিতো ট্ৰাই এটা কৰি চোৱাৰ হেপাহেৰে লিখাত হাত দিছোঁ, ক'বটো নোৱাৰো ভালো হয় যাব পাৰে ৷ নে কি ৷ কোনেনো পঢ়িব ৷ থাকক দে, আজি ইমানেই ৷ নোৱাৰো ৷ নহ'ব ৷ মোৰদ্বাৰা ৷ এনেকেই জীৱনৰ এটা বেলা গৈছে ৷ বাকী বেলাটো ও যাবগৈ ৷ মোৰ নিচিনা অসমীয়াবোৰৰ কাৰণেই আজি আমাৰ এনে অৱস্থা ৷ হ'ব দে   

Comments (3) :: Post A Comment! :: Permanent Link

About Me

মই ভাশ্কৰ জ্যোতি ভূঞা৷ ঘৰ মোৰ শিৱসাগৰৰ দিচিয়াল গাওঁ৷ লোকৰ কাৰণে খুব সুন্দৰ নহ'লেও মোৰ কাৰণে খুওওওব ভাল লগা গাওঁ৷ বহু বছৰ হ'ল গাওখন, মই পঢ়া শিৱসাগৰ চৰকাৰী হাইস্কুলখন, যোৰহাটৰ জে.বি কলেজখন, হিংসা-সন্ত্ৰাসেৰে জৰ্জৰিত হ'লেও মোৰ চিৰ চেনেহী অসমখন, পাহৰিব নোৱাৰি, নামমাত্ৰ সময়ৰ বাবেও ৷ কিছুমান স্মৃতি ৰাখি যাব বিচাৰো মই bihu.in তোমাৰ বুকুত ৷

Friends